দেওবাৰে তিনিচুকীয়াৰ ধেলাখাট মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত পৰিবেশ সুৰক্ষা সমিতি অসমৰ ভেৰজান-ধেলাখাট শাখা সমিতিয়ে এক গছপুলি ৰোপণ , বিতৰণ আৰু প্ৰতিপালন কায্যসূচীৰ শুভাৰম্ভ কৰে ।
উক্ত কাৰ্য্যসূচীত পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দীয় সমিতিৰ লগতে মহিলা সমিতিৰ সদস্য-সদস্যাৰ উপৰিও ধেলাখাট অঞ্চলৰ স্থানীয় লোক সকলে অংশ লৈ অনাগত তিনিবছৰলৈ অঞ্চলটোত গছপুলি ৰোপন আৰু প্ৰতিপালন কৰাৰ সংকল্প লয় ।
ইফালে উক্ত কাৰ্য্যসূচীত অংশ লৈ তিনিচুকীয়াৰ ভেৰজান অৰণ্যৰ সুৰক্ষাৰ বাবে অনাগত দিনত পৰিবেশ সুৰক্ষা সমিতি , অসমে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে চৰকাৰকো অৰণ্যখন সুৰক্ষাৰ বাবে দাবী জনাব বুলি উপস্থিত ৰাইজৰ আগত মন্তব্য কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই ।