কাশ্মীৰত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি শোণিতপুৰৰ বালিপৰালৈ তিনিটাকৈ পদক কঢ়িয়াই অনা তিনি যুৱকক বালিপৰাত জনোৱা হয় উষ্ম আদৰণী | বালিপৰা ফিজিক জিমনেজিয়ামৰ উদ্যোগত বালিপৰা কেন্দ্ৰস্হলত তিনিখেলুৱৈ ক্ৰমে অভয় দাস , হিতেশ ডেকা আৰু অমিত বৈশ্যই দুটা চিলভাৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম কঢ়িয়াই অনাত গামোচা , জাপি ,ফুলৰ থোপাৰে আদৰণী জনাই জিমনেজিয়ামৰ সদস্যসকলৰ লগতে স্হানীয় ৰাইজে | লগতে তিনি খেলুৱৈক লৈ এক পদযাত্রাও উলিয়াই বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে বালিপৰাৰ চৌদিশ |