সামাজিক মাধ্যমৰ বহু চৰ্চিত প্ৰাঙ্ক কৰিবলৈ গৈ দুই যুৱ ইউটিউবাৰ গণ প্ৰহাৰৰ সন্মুখীন হৈ ৰঙা ঘৰৰ আলহী হব লগা হয় ঢকুৱাখনাত ৷ সামাজিক মাধ্যম Youtube ত প্ৰাঙ্ক ভিডিঅ ৰেকৰ্ড কৰিবলৈ আহি নকল পিষ্টলেৰে পথচাৰীক ধন দাবী। ঘটনাৰ স্থান ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঢকুৱাখনা - মাছখোৱা গড়কাপ্তানী পথৰ পানী গাঁও ৰেচম ফাৰ্ম এলেকা ৷ খবৰ অনুসৰি ১ নং থেকেৰাগুৰি গাঁওৰ বিদ্যুৎ বিভাগৰ কৰ্মী ইন্দ্ৰেশ্বৰ ৰাজবংশী দুপৰীয়া প্রচণ্ড গৰমত এই পথেৰে কৰ্তব্য সমাপন কৰি ঘৰমুৱা হোৱা সদয়তে নিৰ্জন হাবিতলীয়া অংশত হঠাৎ সন্মুখত আবিৰ্ভাৱ হল হাতত উদ্যত পিষ্টল লৈ এজন যুৱক ৷ ঢকুৱাখনা - ধেমাজি সংযোগী পথৰ অতি নিৰিবিলি ঠাইখিনিত মানুহ নোহোৱাৰ সুযোগ লৈ যুৱক দুজনে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী গৰাকীক প্ৰথমে ধন দাবী কৰে। ভয়ত কম্পমান ব্যক্তিজনে কোনোমতে পলাই গৈ স্থানীয় ৰাইজক খবৰ দিয়েগৈ, ৰাইজে খবৰ পাই দুই যুৱকক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে। শেষত আৰক্ষী উপস্থিত হয় যুৱক দুজনক থানালৈ লৈ যায় আৰু নকল বন্দুকটো লগতে যুৱক দুজনৰ বাইকখনো জব্দ কৰে। সদৰ থানাত যুৱকজনে জনোৱা মতে নিজৰ নামত এটা “ইউটিউব চেনেল “খুলি এই চেনেলৰ জৰিয়তে সস্তীয়া প্ৰচাৰৰ বাবে এই প্ৰাঙ্ক ভিডিঅ নিৰ্মাণ কৰিছিল সতীৰ্থ কেমেৰা পাৰ্চন প্ৰিয়ম দলেৰ জৰিয়তে ৷ ইপিনে ধৃত দুই যুৱক সম্প্ৰতি ঢকুৱাখনা সদৰ থানাত জেৰাৰ বাবে ৰখা হৈছে । সামাজিক মাধ্যম ব্যৱহাৰৰ নামত গুৰু গোঁসাই নমনা এনে অবিবেচকী যুৱ প্ৰজন্মৰ এনে হঠকাৰী কাম কাজে সাম্প্ৰতিক সমাজ সভ্যতালৈ নিশ্চিত ভাবে এক অশনি সংকেত নমাই আনিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कश्मीर आतंकी हमला- लश्कर ने जिम्मेदारी ली:2-3 आतंकी शामिल थे, 1 महीने से रेकी कर रहे थे; कल 7 लोगों की हत्या की थी
जम्मू-कश्मीर के गांदरबल में रविवार रात आतंकियों ने डॉक्टर समेत 7 लोगों की हत्या की। सोमवार सुबह...
बालाजी का चमत्कार… पुलिया तोड़कर ट्रैक्टर पर गिरा कई टन वजनी ट्रेलर, चकनाचूर हुए ट्रैक्टर का चालक बोला मैं ठीक हूं, बालाजी ने बचाया
राजधानी जयपुर में कल शाम जो भीषण सड़क हादसा हुआ उसमें दो बड़े वाहन नष्ट हो गए लेकिन जनहानि होने से...
মাজুলীৰ সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ প্ৰধান উপাচাৰ্য ড' ডম্বৰুধৰ নাথ দেৱৰ বিদায় সম্বৰ্ধনা জনায়...
মাজুলীৰ সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ প্ৰধান উপাচাৰ্য ড' ডম্বৰুধৰ নাথ দেৱৰ বিদায় সম্বৰ্ধনা জনায়...
जम्मू-कश्मीर में सेकेंड फेज की 26 सीटों पर कल वोटिंग:उमर अब्दुल्ला 2 सीटों से चुनाव लड़ रहे
जम्मू-कश्मीर विधानसभा चुनाव के दूसरे चरण में कल बुधवार (25 सितंबर) को 6 जिलों की 26 विधानसभा...