জলাহত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ সম্পন্ন

- ৰাষ্ট্ৰীয় অন্ধতা আৰু দৃষ্টিহীনতা নিয়ান্ত্ৰণ আঁচনি আৰু দৃষ্টি শক্তি সৱলীকৰণ প্ৰকল্পৰ অধীনত ৬ ছেপ্তেম্বৰ ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী জলাহ-পলাহগড় উপ স্বাস্থ্য কেন্দ্ৰত দিনজোৰাকৈ বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত হয় ৷ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ আঁচনি আৰু দৃষ্টি শক্তি সৱলীকৰণ প্ৰকল্পৰ সৌজন্য আৰু ওদালগুৰি জিলা খণ্ড প্ৰাথমিক চিকিৎসালয় তথা গুৱাহাটীৰ লায়নচ চকু চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত বিনামূলীয়া চকু চিকিৎসা শিৱিৰৰ উপৰি সজাগতা সভাত চকু চিকিৎসক ক্ৰমে ডা° শিৱাজী গুপ্তা আৰু ডা° নৱজ্যোতি শৰ্মা চিকিৎসা প্ৰদান কৰে ৷ এমপিডব্লিউ প্ৰদীপ চন্দ্ৰ বড়ো, এএনএম গীতাৰাণী নাথকে ধৰি আশাকৰ্মীসকলে সহযোগিতা আগবঢ়ায় ৷ শিৱিৰত শতাধিক ৰোগীৰ চকু পৰীক্ষা সম্পন্ন কৰি চকুত চানি পৰা ১৫ গৰাকী ৰোগীক বিনামূলীয়া অস্ত্ৰোপ্ৰচাৰ কৰাৰ বাবে বাচনি কৰে ৷ বিনামূলীয়া চকু চিকিৎসা শিৱিৰটোৰ জৰিয়তে অঞ্চলটোৰ যথেষ্ট সংখ্যক ৰাইজে চিকিৎসা সেৱা লাভ কৰাৰ উপৰি চকুৰ দৃষ্টি শক্তি সৱল কৰি ৰখাৰ ক্ষেত্ৰত বিভিন্ন দিহা আৰু সাৱধানতাৰ বিষয়ে অৱগত হয় ৷