ভাৰতৰ পৰা অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এগৰাকী মহিলাৰ ধৰ্ষণক লৈ দুজন সীমান্ত সুৰক্ষা বাহিনীৰ (বি এছ এফ) জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে। শনিবাৰে অৰ্ধসামৰিক বাহিনীটোৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই কথা জনায়।

ধৰ্ষণ গোচৰত অভিযুক্ত বিএছএফৰ সহকাৰী উপ-পৰিদৰ্শক আৰু কনিষ্টবলজনক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে পশ্চিমবংগ আৰক্ষীক গতাই দিয়া বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

সীমান্ত সুৰক্ষা বাহিনীৰ দক্ষিণ বংগ সীমান্তৰ বিষয়াগৰাকীয়ে জনোৱা অনুসৰি অভিযুক্তকেইজনক নিলম্বন কৰি তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

২৬ আগষ্টৰ পুৱা পশ্চিমবংগৰ নৰ্থ ২৪ পৰগনাছ জিলাৰ বাগদা সীমান্ত চকীৰ সমীপত সংঘটিত হৈছিল এই জঘন্য ঘটনা।