মাজুলীত শালি খেতি কৰা কৃষক সকলৰ মাজত হাঁহাঁকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ বৰ্তমান সময়ত বৰষুন কম হোৱাৰ বাবে মাজুলীৰ কুৰিখন গাঁও পঞ্চায়তৰেই একাংশ  পথাৰত চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে ৷ জেংৰাই , চেৰপাই , চিৰাম , ৰতনপুৰ মিৰি আদিকে ধৰি উজনি -নামনিৰ কেইবাখনো গাঁও পঞ্চায়তৰ শতাধিক কৃষকৰ পথাৰত পানী নথকাৰ বাবে চিৰাল ফাট দিয়াৰ সমান্তৰালভাৱে ধাননি পথাৰ শুকাই যোৱাৰ উপক্ৰম হৈছে চিন্তিত কৃষকে এতিয়া কৃষি বিভাগক বিষয়টো গুৰুত্ব সহকাৰে লৈ পৰ্যবেক্ষণ  কৰিবলৈ আহ্বান জনাইছে ৷