ন্যায়াধীশ এন ভি ৰমনাই সৰ্বোচ্চ ন্যায়িক পদৰ পৰা অৱসৰ লোৱাৰ এদিন পিছতে আজি ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ উদয় উমেশ ললিতে। 

আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ললিতক ভাৰতৰ মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ কৰোৱাই।

ভাৰতৰ ন্যায়পালিকাৰ মুৰব্বী হিচাপে ন্যায়াধীশ ললিতৰ কাৰ্যকাল মাত্ৰ ৭৪ দিন হ’ব আৰু ৮ নৱেম্বৰত অৱসৰ ল’ব।

দায়িত্ব লোৱাৰ পূৰ্বে ন্যায়াধীশ ললিতে কয় যে তেওঁ যিমান সম্ভৱ সৰলতা আৰু স্বচ্ছতাৰ বিষয়টোক অগ্ৰাধিকাৰ দিব। তেওঁ সংশ্লিষ্ট আদালতত মুক্তভাৱে উত্থাপন কৰিব পৰা যিকোনো জৰুৰী বিষয়ৰ ওপৰত নজৰ ৰাখিব বুলিও আশ্বাস দিছে।