অসমীয়া সংগীত জগতৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী বীণা ভাগৱতীয়ে সোমবাৰে ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ ষাঠি দশকৰ সুকণ্ঠী গায়িকা বীণা ভাগৱতীৰ বিয়োগত জাতীয় সংগঠন সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক বিবৃত্তিৰ জৰিয়তে সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ আৰু মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মা ৰ লগতে সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ মহানগৰ জিলা সমিতিৰ সভাপতি বলিন কৃষ্ণ গোস্বামীয়ে চিৰসেউজ গায়িকাগৰাকীৰ বিয়োগত অতিশয় মৰ্মাহত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে । উল্লেখ যে, 'উকুলী মুকুলী কুকুলিকে খেলা', 'নিৰ্মলা নদীৰ ঘাট' আদি ভালেসংখ্যক চিৰসেউজ গীত উপহাৰ দি অসমীয়া সংগীতক মহীয়ান কৰা ব্যতিক্ৰমী কণ্ঠৰ অনাতাঁৰ শিল্পীগৰাকীৰ অৱদান অসমৰ সমাজ জীৱনে সদায় মনত ৰাখিব বুলিও নেতাদ্বয়ে বিবৃতিটোত উল্লেখ কৰিছে ৷৷