সোণাৰিত বিদ্যালয় গৃহ উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

সোণাৰি বিধান সমষ্টিৰ সোণাৰি পৌৰসভাৰ অন্তৰ্গত অন্যতম প্ৰাথমিক বিদ্যালয় যতীন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয়ত আজি ২০২০-২০২১ বৰ্ষৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ বিধায়ক পুঁজিৰ অধীনত চাৰি লাখ টকা ব্যয়ৰে নিৰ্মাণ হোৱা নৱ-নিৰ্মিত বিদ্যালয় গৃহটিৰ শুভ উদ্বোধন কৰা হয় ৷ বিদ্যালয় গৃহটি উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত অনুষ্ঠানত সোণাৰি পৌৰসভাৰ উপ-পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈৰ লগতে বিদ্যালয়খনৰ কৰ্তৃপক্ষ উপস্থিত থাকে৷