⏩গুগল মেপঃ দেশৰ দহখন ৰাজ্যত আৰম্ভ হৈছে গুগলৰ ‘ষ্ট্ৰীট ভিউ মেপ’ সেৱা

⏩গুগলে জেনেছিছ ইণ্টাৰনেশ্যনেল আৰু টেক মহিন্দ্ৰাৰ সহযোগত এই সেৱা আৰম্ভ কৰিছিল।

🔸এইবাৰ যিকোনো পথৰ স্থান বিচাৰি উলিওৱাটো সহজ হ’ব। বুধবাৰে গুগল মেপছে ভাৰতৰ দহখন ৰাজ্যত মুকলি কৰিলে ‘ষ্ট্ৰীট ভিউ মেপ’ সেৱা। নিৰাপত্তাজনিত কাৰণত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে দেশত এই সেৱা প্ৰৱৰ্তন কৰাৰ পক্ষত নাছিল। এই সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে যিকোনো পথৰ পেনোৰামিক ছবি চাব পাৰিব।

🔸গুগলে জনোৱা মতে, চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ আৰু ৫০ খন চহৰত এই প্ৰকল্প আৰম্ভ কৰা হ’ব। গুগলে জেনেছিছ ইণ্টাৰনেশ্যনেল আৰু টেক মহিন্দ্ৰাৰ সহযোগত এই সেৱা আৰম্ভ কৰিছিল।

🔸গুগলৰ মতে, দুয়োটা কোম্পানীয়ে বেংগালুৰু, চেন্নাই, দিল্লী, মুম্বাই, হায়দৰাবাদ, পুনে, নাছিক, বদোদৰা, আহমেদনগৰ আৰু অমৃতসৰ আদি ১ লাখ ৫০ হাজাৰ কিলোমিটাৰ অঞ্চলত এই সেৱা আগবঢ়াইছে। কোম্পানীটোৰ মতে, এই নতুন সেৱাই তেওঁলোকৰ এপত অধিক অত্যাধুনিক মেপিং অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম হ’ব।  

🔸এই সেৱাৰ সুবিধা ল’বলৈ ব্যৱহাৰকাৰীয়ে নিজৰ ফোন বা কম্পিউটাৰত গুগল মেপ খুলি দহখন চহৰৰ যিকোনো ৰাস্তাত জুম ইন কৰিব পাৰে, তাৰ পিছত তেওঁলোকে চাব বিচৰা অঞ্চলটো টেপ কৰি পেনোৰামা ছবি উন্মোচন কৰিব পাৰে। এই সেৱাই ব্যৱহাৰকাৰীসকলক ওচৰৰ অঞ্চলসমূহ বিচাৰি উলিওৱাত অধিক সহায় কৰিব।