ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে এতিয়াৰ পৰা দেশৰ যুৱ সমাজ ১৮ বছৰ বয়স হোৱালৈ আৰু অপেক্ষা কৰিব নালাগে। ১৭ বছৰ পূৰ্ণ কৰিলেই ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব। ভাৰতৰ নিৰ্বাচন আয়োগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

আজি প্ৰতিখন ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া সকললৈ এই সম্পৰ্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই। 

সেয়ে এতিয়াৰ পৰা কোনো এটা বছৰৰ প্ৰথম জানুৱাৰীত ১৮ বছৰ বয়স হ'লেহে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পৰাৰ নিয়ম নাথাকিব। ১৭ বছৰ হোৱাৰ পিছতেই আগতীয়াকৈ আবেদন কৰিব পাৰিব।