যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত আজি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত দেৱেশ্বৰ বৰাৰ সভাপতিত্বত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, যোৰহাট জিলাৰ সমাজ কল্যাণ বিষয়া, স্বাস্থ্য বিভাগ, লোক নিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা বিভাগ, কৃষি বিভাগ, জিলা পৰিষদ আদি বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত দিব্যাংগ সকলৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

          সভাৰ আৰম্ভণিত আয়ুক্তগৰাকীয়ে সকলোৰে বোধগম্য হোৱাকৈ সুন্দৰভাৱে দিব্যাংগসকলৰ অধিকাৰ আইন- ২০১৬ ৰ অধীনত হোৱা সকলো বিলাক আইন বিশদভাৱে আলোচনা কৰে। লগতে আয়ুক্তগৰাকীয়ে সকলো সংশ্লিষ্ট বিভাগক কয় যে,প্ৰকৃত অৰ্থত এই আইনৰ যোগেদি দিব্যাংগসকলে যাতে তেওঁলোকৰ অধিকাৰ আৰু উচিত সন্মান পাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।