ৰাজ্য চৰকাৰৰ কেবিনেটে অসমৰ শিক্ষা ব্যৱস্থাত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত শিক্ষাদান কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰি আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গণ-স্বাক্ষৰৰ কাৰ্যসূচী ৰূপায়ন কৰে। 

 । আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোলাঘাটৰ জিলা সংযোজক শশাঙ্ক কলিতাৰ নেতৃত্বত সংগঠনটোৰ কাৰ্যকৰ্তাসকলে গোলাঘাট জিলাৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা গণস্বাক্ষৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে সমগ্ৰ দেশত বলৱৎ হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ত উল্লেখ থকা অনুসৰী ছাত্ৰ-ছাত্ৰী সকলক প্ৰাথমিক শিক্ষা মাতৃভাষা মাধ্যমত প্ৰদান কৰাতো বাধ্যতামূলক । এই ক্ষেত্ৰত অসমতো শিক্ষা ব্যৱস্থাত এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত উল্লেখ থকা অনুসৰি মাতৃভাষা অসমীয়াতেই অসমৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ নীতি প্ৰযোজ্য কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে অসমৰ ছাত্ৰ-ছাত্ৰীৰ বৃহৎ স্বাৰ্থত সৱল জনমত গঢ়ি তোলাৰ প্ৰচেষ্টা কৰে ।