যোৱা মে' মাহৰ পৰা কেৰালাত বিলাহী জ্বৰৰ আতংক বিয়পিছে। ২৬ আগষ্টলৈকে ৰাজ্যখনত ৮২ টাৰো অধিক শিশু বিলাহী জ্বৰ অৰ্থাৎ টমেট' ফ্লুত আক্ৰান্ত হৈছে। এইসকলৰ বেছি ভাগেই ৫ বছৰৰ তলৰ। ইফালে এই জ্বৰ কেৰালাৰ পিছত হাৰিয়ানা, তামিলনাডু, উৰিষ্যাতো আৰম্ভ হৈছে। আৰু সেইবাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ সতৰ্কতামূলক পৰামৰ্শাৱলী প্ৰেৰণ কৰিছে। 

কিন্তু কি এই বিলাহী জ্বৰ?

আচলতে এই জ্বৰৰ বিলাহীৰ লগত কোনো সম্পৰ্ক নাই। এই জ্বৰ হ'লে জ্বৰ, গাৰ বিষ, ডায়েৰীয়া, বমি আদিৰ লগতে গাত বিলাহী ৰঙৰ বা বিলাহীৰ দৰে ফোঁহা হয়। টমেট' ফ্লু কোনো বৈজ্ঞানিক নাম নহয়। এই জ্বৰৰ আচল নাম হ'ল HFMD অৰ্থাৎ হেণ্ড ফুট এণ্ড মাউথ ডিজিজ। 

কথা হ'ল যিহেতু শিশুকেই HFMD এ আক্ৰমণ কৰে সেয়ে ৫ বছৰৰ তলৰ শিশুসকলৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱা উচিত। কোভিড-১৯ৰ দৰে বিলাহী জ্বৰৰো কোনো দৰৱ বা ভেকচিন নাই। কোনো শিশুৰ গাত এনে লক্ষণ দেখিলেই তেঁওক অতি কমেও ৭ দিন আইছ'লেচনত ৰাখিব লাগিব।