ভূত বঙলাত পৰিণত হ'ল এটা ২৫ লাখ টকীয়া গৃহ।

খোদ উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয় চৌহদতেই সাত-আঠ বছৰে নিৰ্মাণ সমাপ্ত নহ'ল এটা গৃহৰ।

অসামাজিক কাম-কাজৰ ঘাটিত পৰিণত হ'ল গৃহটো।

২০১৫-১৬ বৰ্ষতে ২৫ লাখ টকা ব্যয় ধাৰ্য কৰি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় হিচাপে নিৰ্মাণ কৰা হৈছিল।

 গৃহ সম্পূৰ্ণ নৌহওতেই নিৰ্ধাৰিত ধন শেষ হোৱাত অসম্পূৰ্ণ হৈ ৰ'ল নিৰ্মাণকাৰ্য।

এতিয়া ইয়াৰ ভিতৰত পৰি থাকে মদৰ বটল আৰু ভাং খোৱা সামগ্ৰী।

আনহাতে গৃহটো অনতিপলমে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ছিপাঝাৰৰ বিধায়ক গৰাকীক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে একাংশ স্থানীয় লোকে।