শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূৱ অলিম্পিক'ত গৌৰৱ অৰ্জন কৰিলে সোণাৰিৰ আকাশদ্বীপে। 

শ্বিলঙত অনুষ্ঠিত হোৱা দ্বিতীয় উত্তৰ-পূৱ অলিম্পিক গেমছত কাৰাটেত ১ টা সোণ, ৬ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ সহ মুঠ ১৪ টা পদকেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। প্ৰতিযোগিতাখনৰ অসমে গলফত ৯ টা আৰু টাইকোৱানডোৰ জুনিয়ৰ শাখাত ৪ টা সোণৰ পদক লাভ কৰিছে। শ্বিলঙত অসমৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। চৰাইদেউ জিলাৰ কাকতিবাৰীৰ আকাশদ্বীপ গগৈয়ে অসমৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। কাকতিবাৰীৰ নিবাসী প্ৰাঞ্জল গগৈৰ জ্যেষ্ঠ পুত্ৰ আকাশদ্বীপ গগৈয়ে ৰাজ্যিক প্ৰয্যায়ত গুৱাহাটীত অনুষ্ঠিত হোৱা গেমছত সোণৰ পদক অৰ্জন কৰি শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূৱ অলিম্পিক' গেমছত অংশগ্ৰহণ কৰে।