অসম চৰকাৰৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলে প্রকৃততে বিধায়ক নে এজন ব্যৱসায়ী তাক লৈ সন্দেহৰ সৃষ্টি হৈছে ৰাইজৰ মাজত । কাৰণ যি সময়ত ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী গৰা খহনীয়াই ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ সংকট মাতি আনি সন্ত্রাস চলাইছিল সেই সময়ত নিজৰ বেপাৰত ব্যস্ত থকা কথা উল্লেখ কৰিছে জাতীয় সংগঠন সমূহৰ লগতে স্থানীয় নৈপৰীয়া জনসাধাৰণে ৷ বিশেষকৈ এই স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত মিচিং জাতিয় সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ,জলসম্পদ মন্ত্ৰীক অৱগত কৰাৰ পাছত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আহি খহনীয়াগ্ৰস্ত এলেকা পৰিভ্ৰমন কৰি প্ৰতিৰোধৰ নিৰ্দেশনা দি গ’ল কিন্ত উপস্থিত নহল বিধায়ক নৱ কুমাৰ দলে ৷ পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ সতে মিচিং জাতিয় সংগঠনৰ বহু সংখ্যক কৰ্মকৰ্তাই দিনে নিশাই খহনীয়া প্ৰতিৰোধ কাৰ্যত ব্ৰতী হৈ আহিছে ৷ইপিনে ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰা খহনীয়াগ্ৰস্ত এলেকাত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ যৰিয়তে টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তিলক দলেয়ে কয় যে - ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰা খহনীয়াই শিহৰণকাৰী ৰূপ ধাৰণ কৰি জনজীৱন সন্ত্ৰস্ত কৰি তোলা সময়ত নদীপৰিয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত টি এম পি কেৰ কেন্দ্ৰীয় আৰু ঢকুৱাখনা জিলা সমিতিয়ে দিনে নিশাই জলসম্পদ বিভাগক সহযোগিতা কৰি শ্ৰম দান কৰি অহাৰ পাছত গেৰুৱা দলৰ কেইজনমান কৰ্মীয়ে সেই স্থানত মাৰপিৰ দৰে যি ঘটনা সংঘটিত কৰিছে তাৰ বাবে ৰুজু কৰা ভুৱা গোচৰৰ আলম লৈ আৰম্ভ কৰা নিৰ্যাতন সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে কেন্দ্ৰীয় নেতা দলেয়ে ৷ কেইবা সহস্ৰাধিক জাতিয় সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাৰ আঁত ধৰে জিলা টি এম পি কেৰ বিষয়ববিয়া ভূপেন দলেয়ে । সভাত মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়েও বক্তব্য ৰাখে ।ইপিনে কেন্দ্ৰীয় নেতা যুটীয়া সম্পাদক টুনিৰাম পাংগিং , ৰিদিপ ৰেগণ , যতীন পেগু , ৰাজীৱ দলে ,নাথুৰাম পেগু ,ক্ষীৰোদ পেগু ,ইন্দিৰা চিন্তে কুম্বাং , আদিয়েও সহযোগিতা আগবঢ়োৱা এই ৰাজহুৱা সভাৰ পূৰ্বে কেন্দ্ৰীয় নেতৃবৰ্গই ব্ৰহ্মপুত্ৰৰ সমগ্ৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰি ভয়াবহতাৰ বুজ লয়।সভাৰ অন্তত এই ভুৱা গোচৰ জাপি দিয়া সন্দৰ্ভত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সতে সংগঠনে আলোচনা কৰিব বুলি সিদ্ধান্ত ব্যক্ত কৰি ৰাজ্য চৰকাৰৰ প্ৰতি উন্নয়নমূলক আঁচনিৰ প্ৰতি সংগঠনৰ সমৰ্থন আছে বুলি কৈ কিন্তু নৱ দলেক ঢকুৱাখনাৰ উন্নয়নৰ শত্ৰু আৰু শকুনি ৰাজনীতিক বুলি অভিহিত কৰে কেন্দ্ৰীয় নেতা গৰাকীয়ে । স্মতব্য যে গেৰুৱা দলৰ দুজন মান কৰ্মীয়ে সংগঠনৰ একাংশ নিৰীহ নেতাৰ ওপৰত ঢকুৱাখনা সদৰ থানাত গোচৰ তৰাৰ পৰৱৰ্তী সময়ত ঢকুৱাখনাত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাই দেখা দিছে ৷