বীৰঝৰা চাহ বাগিচা চৌহদত বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠকে।

চাহ বাগিছাখনৰ চাহ শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰটো অনুষ্ঠিত কৰা হয়।

বঙাইগাঁও জিলা স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত প্ৰতি মাহৰ ২৫তাৰিখে জিলাখনৰ একোটা খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনত একোটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।আজি আছিল প্ৰথমটো স্বাস্থ্য শিবিৰ। আজিৰ স্বাস্থ্য শিবিৰটোত ২২০ গৰাকী লোকৰ সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ লগতে স্ত্ৰী আৰু প্ৰসূতি, শিশু ৰোগ, পৰিয়াল পৰিকল্পনা, অসংক্ৰমিত ৰোগ, যক্ষ্মা ৰোগ, কুষ্ঠৰোগ, ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, চকু ৰোগ আদিৰো পৰীক্ষণ কৰা হয়। স্বাস্থ্য বিভাগৰ বিভিন্ন আচঁনি সমূহৰ লগতে মোবাইল মেডিকেল ইউনিট আৰু সঞ্জীৱনী ১০৪ ৰ স্বাস্থ্যকৰ্মী সকলেও সেৱা আগবঢ়ায়। উক্ত শিবিৰটোত কোভিড ১৯ ৰ টিকাও প্ৰদান কৰা হয়।

আজিৰ স্বাস্থ্য শিবিৰত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: পি কে ৰয়, ডা: পুষ্পেন্দু দাস, ডা: বাদল সৰকাৰ, ডা: প্ৰণব কুমাৰ ৰয়, ডা:গৌতম দাস, ডা: ইমদাদুল ইছলাম খান, ডা: হৰিদাস চৰকাৰ আদিকৰি কেবাগৰাকীও চিকিৎসক উপস্থিত থাকি স্বাস্থ্য সেৱা আগবঢ়ায়।স্বাস্থ্য শিবিৰটি অনুষ্ঠিত কৰাত জিলা আঁচনি প্ৰবন্ধক কৰুণা ব্ৰহ্ম,জিলা বাহকজনিত ৰোগ পৰামৰ্শদাতা ধ্ৰুৱ চৌধুৰী,ডিচিএম জ্যোতিৰ্ময় দাসকে ধৰি নাৰ্চ আৰু অন্যান্য স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাই সহায়-সহযোগ আগবঢ়ায়।