বৰহাট চাহ বাগিচাত এবছৰৰ পাছতো ন্যায় নাপালে ধৰ্ষিতা নাবালিকাই,

মুকলি আকাশৰ তলত ধৰ্ষণকাৰী।

চৰাইদেউ  জিলাৰ বৰহাট চাহ বাগিচাৰ ১৮নং লাইনৰ এগৰাকী ৯ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ কাষৰে ৬০ বছৰীয়া গোপাল নন্দ নামৰ এটা লম্পদে ধৰ্ষণ কৰিছিল।

পৰৱৰ্তী সময়ত লোক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও তিনি মাহৰ পাছতে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল গোপাল নন্দই।

বৰ্তমানেও আদালতৰ অধীনত বিচাৰ প্ৰক্ৰিয়া চলি আছে ।

কিন্তু দুৰ্ভগীয়া নাবালিকা গৰাকী এতিয়াও সুস্থ হৈ নুঠাত চিন্তিত শ্ৰমিক দৰিদ্ৰ পৰিয়ালটো।মানসিক আৰু শাৰীৰিক ভাবে দুৰ্বল হৈ পৰিছে নাবালিকা গৰাকী ।খোৱা বোৱা কৰাত অসুবিধাৰ সন্মূখীন হোৱাৰ লগতে মুখৰ মাতো যেন ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে ।

এতিয়া দুৰ্ভগীয়া পৰিয়ালটো

সংবাদ মাধ্যমৰ সৰণাপন্ন হৈ ন্যায় বিচাৰি আহ্বান। ডিব্ৰুগড়ত বহু চিকিৎসা কৰিও একো ফল নোপোৱা পৰিয়ালতোৰ ওপৰত পুণৰ ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে আদালতৰ চমন।নিৰূপাই হৈ পৰিছে পৰিয়ালটো কন্যাক চিকিৎসাই কৰিব নে আদালতত হাজিৰ হব,অন্যহাতে এই সুবিধা গ্ৰহণ কৰিছে গোপাল নন্দই পঠিওৱা বহু দালালে,পৰিয়াল তোক গোপাল নন্দৰ বিৰুদ্ধে থকা গোচৰ উঠাই লবলৈ ভয় ভাবুকি প্ৰদান কৰিছে এই সমূহ দালালে।

ধৰ্ষণৰ দৰে এটা গোচৰত গ্ৰেপ্তাৰ হোৱা গোপাল নন্দই কেনেদৰে জামিন লাভ কৰিলে তাক লৈ এতিয়া সচেতন মহলত ব্যাপক চৰ্চিত বিষয় হৈ পৰিছে।