গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে তীজ উৎসৱ ।

দুদিনীয়াকৈ পালন কৰা এই উৎসৱক হৰিতালিকা তীজ বুলিও কোৱা হয় 

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শুক্ৰবাৰে  তিনিচুকীয়া জিলাৰ ফিল'বাৰী আমগুৰিতো গোৰ্খা মহিলাসকলে উলহ-মালহেৰে তীজ উৎসৱ উৎযাপন  কৰে ।

মূলতঃ গোৰ্খা নাৰী সকলে পুৰুষৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি এই তীজ উৎসৱ পালন কৰে ।

তিনিচুকীয়াৰ ফিল'বাৰীৰ আমগুৰি গাঁৱৰ আমগুৰি স্বস্তি সেৱক যুৱক সংঘ আৰু স্বস্তি সেৱিকা মহালক্ষ্মী মহিলা সমিতিৰ উদ্যোগত অতি উলহ-মালহেৰে তীজ উৎসৱ পালন কৰে ।