আজিৰ খবৰ, গুৱাহাটী ,২৮ জুলাই, ২০২২ : আজি কিছুদিন পূৰ্বে মৈৰাবাৰীত সংঘটিত হৈছিল নিৰ্লজ্জ-জঘন্য এক ঘটনা! ঘটনা অনুসৰি ব্ৰহ্মপুত্ৰৰ বালিচৰত ৪ যুৱক আৰু এগৰাকী কিশোৰীয়ে বনাইছিল সভ্য সমাজক লজ্জানত কৰা পৰ্ণ ভিডিঅ’। তাৰ পিছত সেই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাত সমাজসচেতন মহিলাসকলে মাত মাতিছিল ঘটনাটোৰ বিৰুদ্ধে আৰু থানাত এজাহাৰ দাখিল কৰিছিল সেই ৪ যুৱকৰ বিৰুদ্ধে। কিন্তু আচৰ্যজনক কথাটো এইটোৱে যে মৈৰাবাৰী আৰক্ষীয়ে সেই ৪ লম্পট যুৱকক গ্ৰেপ্তাৰ কৰাৰ বিপৰতে অশ্লীল ঘটনাটোৰ বিৰুদ্ধে সংবাদ পৰিবেশন কৰা দুই সাংবাদিক ক্ৰমে মুস্তাফিজুৰ আৰু নাছিদুৰকহে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। সেই অশ্লীল ঘটনাৰ বাতৰি পৰিবেশন কৰি পোহৰলৈ অনাৰ দোষত মৈৰাবাৰী আৰক্ষীয়ে যি সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত কৰিছে তাক কামৰূপ মহানগৰ জাফা সমিতিৰ সভাপতি অৱনী বৰুৱা আৰু সম্পাদক মিন্টু হাজৰিকাই তীব্র ভাষাৰে গৰিহনা দিয়াৰ লগতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ক আহ্বান জনাইছে যাতে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে। তদুপৰি সভাপতি বৰুৱাই সাংবাদিক দুগৰাকীক শীঘ্ৰেই মুক্তি প্ৰদান কৰি গনতন্ত্রৰ চতুৰ্থ স্তম্ভৰ সাংবিধানিক মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ অসম আৰক্ষীক আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দ'লবাগান উঃ মাঃ বিদ্যালয়ত বিধায়ক দেবব্ৰত শইকীয়া
৪,৫ আৰু ৬ নবেম্বৰত ১৯১৯ চনত স্থাপন হোৱা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শতবৰ্ষ সামৰণি অনুষ্ঠান...
તારાપુર પોલીસે 13 લીટર દેશીદારૂ ઝડપી પાડ્યો
તારાપુર પોલીસે અલગ અલગ જગ્યાએથી 13લીટર દેશીદારૂના જથ્થા સાથે 3મહિલાઓને ઝડપી પાડી
તારાપુર પોલીસે...
Homemade Hair Oil: मानसून में झड़ते बालों की वजह से हैं परेशान, तो घर पर बनाएं ये 2 होममेड हेयर ऑयल
Homemade Hair Oil बरसात का मौसम में अपने साथ कई सारी समस्याएं लेकर आता है। इस मौसम में संक्रमण और...