ধেমাজিত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গোবিন বৰদলৈ,১২ হাজাৰ উৎকোচ লওঁতে হাতে লুটে গ্ৰেপ্তাৰ 

সমগ্ৰ অসমতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই কেইবাজনো ঘোচখোৰ বিষয়া _ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়তে আজি পুনৰ ধেমাজিত এজন কৰ্মচাৰীক হাতে _ লুটে ধৰিলে দুৰ্নীতি নিবাৰক শাখাই ৷ জানিবলৈ পোৱামতে ধেমাজি জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক গোবিন বৰদলৈয়ে ধেমাজিৰ এখন প্ৰতিষ্ঠিত ই _ ৰিক্সা ডিলাৰৰ স্বত্বাধিকাৰীক ট্ৰেড লাইচেঞ্চ নৱীকৰণৰ বাবদ এক বৃহৎ অংক উৎকোচ দাবী কৰি আছিল ৷ উচ্চ বৰ্গৰ সহায়ক গোবিন বৰদলৈৰ ওচৰলৈ বহুবাৰ তাঁতবাতি কৰিও স্বত্বাধিকাৰীজনে লাইচেঞ্চ নবীকৰণ কৰিব নোৱৰাত অৱশেষত উপায়হীন হৈ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে ৷ দুৰ্নীতি নিবাৰক শাখাৰ পৰামৰ্শৰ অনুযায়ী ই _ ৰিক্সা ডিলাৰৰ স্বত্বাধিকাৰীজনে আজি উচ্চ বৰ্গৰ সহায়ক গোবিন বৰদলৈক কাৰ্যালয়ত কৰ্মৰত অৱস্হাতে উৎকোচৰ প্ৰথম কিস্তি নগদ ১২ হাজাৰ টকা উৎকোচ হিচাপে প্ৰদান কৰাৰ মুহূৰ্ততে পূৰ্বৰ পৰা খাপপিতি থকা দুৰ্নীতি নিবাৰক শাখাৰ উচ্চপদস্থ বিষয়া ৰকিবুল হাচান চৌধুৰীৰ নেতৃত্বত অহা ১০ জনীয়া দলটোৱে ৰঙা হাতেৰে হাতে লুটে গ্ৰেপ্তাৰ কৰে ৷ সমান্তৰালভাৱে গোবিন বৰদলৈৰ গাড়ী আৰু বাসগৃহতো অভিযান চলাই দুনীতি নিবাৰক শাখাই ৷ কেইবাঘণ্টা জোৰা সোধ পোছৰ অন্তত ঘোচখোৰ বুলি পৰিচিত ধেমাজি পৰিবহণ বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক গোবিন বৰদলৈক দুনীতি নিবাৰক শাখাৰ জিম্মাত গুৱাহাটীলৈ লৈ যায় ৷ইপিনে এই গ্ৰেপ্তাৰৰ ঘটনাই সমগ্ৰ ধেমাজিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷