ছিপাঝাৰত অবৈধ কাঠৰ মিল জব্দ।

ছিপাঝাৰৰ নিজ বৰমপুৰত গোপনে স্থাপন হৈছিল এই মিলটো।

 বৃহস্পতিবাৰে বন বিভাগে নিজ বৰমপুৰলৈ গৈ জব্দ কৰি লৈ আহে মিলটোৰ সকলো যন্ত্ৰ-পাতি ।

পাথৰিঘাট আৰক্ষীৰ সহযোগত কুৰুৱা বন সংমণ্ডলৰ বন পালক আটোৱাৰ ৰহমানৰ নেতৃত্বত চলিছিল এই অভিযান।

অভিযান কালত মিলটোত নাছিল মালিক তথা কোনো লোক।

মিলটোৰ প্ৰকৃত মালিক কোন ইয়াৰ তথ্যও এতিয়ালৈকে লাভ কৰা নাই বন বিভাগে ।