অসমৰ সোণালী ইতিহাস আৰু ঐতিহ্য বহনকাৰী অসমৰ শৈক্ষিক আৰু বৌদ্ধিক দিশত গৰিমা বৃদ্ধি কৰা উচ্চ শিক্ষা প্ৰতিষ্ঠান গড়গাঁও মহাবিদ্যালয়ৰ ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত হয়। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচি মহন্তৰ পৌৰহিত্যত প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সভাত প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে মহাবিদ্যালয়ৰ সম্পৰ্কত অৱসৰ প্ৰাপ্ত অসমীয়া বিভাগৰ অধ্যাপক দুৰ্লভ বুঢ়াগোহাঁই বক্তব্য প্ৰদান কৰা লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে প্ৰতিষ্ঠা কালত জড়িত তথা সুদীৰ্ঘ সময় চোৱাত যি সকল শিক্ষা গুৰুৱে শিক্ষা দান কৰি আহিছে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰে। লগতে ছাত্ৰ ছাত্ৰীৰ সকলক অধ্যয়নত অধিক মনোনিবেশ কৰিবলৈ আহ্বান জনায়। সভাত উপস্থিত সকলো শিক্ষা গুৰু আৰু ছাত্ৰ-ছাত্ৰী সকললৈ ৬৪ তম প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰা লগতে মহাবিদ্যালয় খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে বিধায়ক গৰাকীয়ে।
গড়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
 
   
  
  
  
  