এতিয়াও মঙলদৈত আওপুৰণি পদ্ধতিৰে শিক্ষা দান এখন বিদ্যালয়ত ৷তাহানিৰ গুৰুৱে শিষ্যক গছৰ তলত শিক্ষা দিয়াৰ দৰেই পৰিবেশ মঙলদৈ বিদ্যানগৰত। বিদ্যালয় গৃহৰ অভাৱত আহত গছৰ তলত পঢ়ুৱাব লগা হৈছে কন কন শিক্ষাৰ্থীক ৷যিটো সময়ত শিশু শিক্ষাৰ কাৰণে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন আচনি গ্ৰহণ কৰিছে তেনে সময়তে মঙলদৈ বিদ্যানগৰ ৪নং খণ্ডৰ অংগনাবাদী কেন্দ্ৰৰ দেখা গৈছে দুখজনক অৱস্থা৷
বিদ্যালয় গৃহৰ অভাৱতে আওপুৰণি কলীয়া পদ্ধতিৰে আহত গছৰ তলতে শিক্ষা দানৰ ব্যৱস্থা কৰিছে ৷ কেন্দ্ৰটোৰ বাবে ৰাইজে মাটি দিয়াৰ পিচতো হৈ নুঠিল আংগনবাদী কেন্দ্ৰৰ গৃহটি ৷গৃহটি নিৰ্মাণ নোহোৱাৰ আৰত মোৱামৰী পঞ্চায়তৰ সদস্য জনৰ কথা উল্লেখ কৰিলে স্থানীয় ৰাইজে ৷পঞ্চায়ত সদস্য গৰাকীয়ে উপযুক্ত স্থানত গৃহতি হব নিদিয়াত ৰদ বৰষুণৰ মাজতে অতি কষ্টৰে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে শিশু সকলে ।