মৰাণত পোষণ মাহ উপলক্ষে পোষণ পঞ্চায়ত সভা আৰু পুষ্টিকৰ খাদ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত

পোষণ মাহ-২০২২ উপলক্ষে যোৱা ২৭ ছেপ্টেম্বৰ তাৰিখে সোণাৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মৰাণ স্থিত মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত পোষণ পঞ্চায়তৰ লগতে থলুৱা পুষ্টিকৰ খাদ্যৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সোণাৰি শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰিয়ংকা টাইডৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ভাষণ প্ৰদান কৰি পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই কয় যে, "পোষণ অভিযানে পুষ্টিহীনতাৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখন আমি অবিৰাম গতিৰে চলাই নিব লাগিব। সঠিক পৰিপুষ্টিৰ জৰিয়তেহে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰি। প্ৰকৃত সুখ-শান্তিৰ অধিকাৰী হ'বলৈ আমি নিৰোগী আৰু স্বাস্থ্যবান হ'বই লাগিব আৰু তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব।"

ইয়াৰ পূৰ্বে অংগনবাড়ী কৰ্মী-সহায়িকাসকলৰ মাজত থলুৱা পুষ্টিকৰ খাদ্যৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সোণাৰি প্ৰকল্পৰ বিষয়া প্ৰিয়ংকা টাইড আৰু মৰাণস্থিত জুইশাল ৰেষ্টুৰেন্টৰ স্বত্ত্বাধিকাৰী মামণি বৰপাত্ৰ গোঁহায়ে বিচাৰক হিচাপে উপস্থিত থকা প্ৰতিযোগিতাখনত সোণাৰি প্ৰকল্পৰ অধীনৰ প্ৰতিটো চাৰ্কোলৰ তিনিগৰাকীকৈ কৰ্মী-সহায়িকাক বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানটিৰ আঁত ধৰে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সহায়ক জয়ন্ত কুমাৰ গগৈয়ে। সভাত অংগনবাড়ী কৰ্মী উষাৰাণী তামুলীয়ে এটি ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে। 

পোষণ অভিযানৰ খণ্ড সমন্বয়ক গুৰুপ্ৰসন্ন বৰগোঁহায়ে আঁত ধৰা আজিৰ সভাখনত সোণাৰি প্ৰকল্পৰ পৰিসাংখ্যিক সহায়ক ফানুজুল্লাহ জুলফানাৰ, কনিষ্ঠ সহায়ক প্ৰসেনজিৎ সেনশৰ্মা, মুখ্য সেৱিকাবৃন্দ ক্ৰমে গীতাঞ্জলি গগৈ, অন্তৰা গগৈ, দীপিকা মালাকাৰ, অনিমা বৰগোঁহাই, দিপালী দত্ত আৰু সুনিতা তাচা, পোষণ অভিযানৰ খণ্ড সহায়ক বিতোপন দত্তকে প্ৰমুখ্য কৰি অংগনবাড়ী কৰ্মী-সহায়িকা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।