হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ৰাষ্ট্ৰীয় শিক্ষা নীতি সৰ্বমুখী প্ৰতিভা বিকাশৰ সুযোগ। -ননী গোপাল মহন্ত।

প্ৰতিদিন সংবাদ, গোলাঘাট ২৫ আগষ্ট 

গোলাঘাট জিলাৰ নাৰী শিক্ষাৰ বাটকতীয়া

হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ৫৪তম প্রতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।

এই উপলক্ষে পুৱা মহাবিদ্যালয় প্ৰাংগনত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ

সভাপতি প্রদীপ কুমাৰ শইকীয়াই আৰু স্মৃতি তৰ্পণ কৰে অধ্যক্ষা ড০ বুলবুলি বৰুৱাই। ইয়াৰ পাচতে উপাধ্যক্ষ

প্ৰশান্ত বৰাৰ নেতৃত্বত মহাবিদ্যলয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোট আৰু ছাত্ৰ একতা সভাৰ সদস্যসকলে ‘আমাৰ

ঘৰ’ বৃদ্ধাশ্ৰমত খাদ্যসামগ্রী বিতৰণৰ এক কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো আয়োজন

কৰা প্ৰতিষ্ঠা দিৱস স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ

উপদেষ্টা প্ৰফেচাৰ ননীগোপাল মহন্তই। ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত আলোকপাত কৰি মহন্তই তেওঁৰ 

ভাষণত ইয়াক এক সৰ্বমুখী প্রতিভাৰ বিকাশৰ এক সুযোগ বুলি অভিহিত কৰে আৰু সকলোকে এই নীতি

ৰূপায়ণৰ কাৰণে সৰ্বতোপ্ৰকাৰে সাজু হোৱাৰ আহ্বান জনায়। ড০ সুনীল সন্দিকৈয়ে আঁত ধৰা উক্ত সভাত

উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ অন্যতম আছিল মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষদ্বয় ক্রমে ড০

বন্তিৰাণী গগৈ আৰু ড০ বিপুল চন্দ্র ভূঞা, প্রাক্তন উপাধ্যক্ষ ড০ দিলীপ কুমাৰ গোস্বামী, বোকাখাট জে. ডি.

এছ. জি. মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈ, প্ৰাক্তন শিক্ষার্থী গোটৰ সম্পাদক সাগৰিকা বৰা। বিয়লিলৈ

আয়োজন কৰা বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে উপাধ্যক্ষ প্ৰশান্ত বৰাই।