সোণাৰিত স্বাধীনতা সেনানী শ্বহীদ মেজৰ দূৰ্গা মল্লৰ বলিদান দিৱস পালন

অসম গোর্খা সন্মিলন আৰু সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা সেনানী বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৮ সংখ্যক বলিদান দিৱস সোণাৰিৰ সমীপৰ আইদেউবাৰী স্থিত সৰুপথাৰ গাওঁ পঞ্চায়তৰ প্ৰাংগণত উদযাপন কৰিব লোৱা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা বৃক্ষ ৰোপন কাৰ্যসূচীৰে দিৱসৰ আৰম্ভণি কৰা হয়। ইয়াৰ পিছত ক্ৰমে পতাকা উত্তোলন, স্মৃতি তৰ্পন, শ্বহীদ তৰ্পন, মেজৰ দুৰ্গা মল্লৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, প্ৰাক্তন নেতৃবৃন্দৰ সাংগঠনিক স্মৃতি ৰোমন্থন অনুষ্ঠানৰ পিছতে দিৱসৰ মূল কাৰ্যসূচী মুকলি সভা অনুষ্ঠিত হয়। সভাত গোর্খা উন্নয়ন পৰিষাদৰ অধক্ষ্য প্ৰেম তামাং, সদৌ অসম গোর্খা সন্মিলনৰ সভাপতি অৰ্জুন ছেত্ৰী প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।