চৰাইদেউ জিলাৰ সোণাৰি স্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মূখ্য কাৰ্যালয়ত পৰিষদৰ চৰাইদেউ জিলাৰ সম্পাদক লংকেশ্বৰ গগৈয়ে সাংবাদিকৰ আগত নিচাজাতীয় দ্ৰব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়যে সদৰ সোণাৰিৰ মাজ মজিয়াদি গলেহে সীমান্তৱৰ্তী এলেকা নামতোলা পায়। আৰু নামতোলালে যাবলৈ হলে সোণাৰিৰ মাজ মজিয়াদি দুই তিনিখন চেকগেট পাৰহৈ যাব লাগিব । গতিকে দুই তিনিখন চেক গেট থকাৰ পিচতো কি দৰে নামতোলাত নিচাজাতীয় দ্ৰব্য সমূহ পাবলৈ সক্ষম হয় আৰু সপ্তাহৰ মূৰে মূৰে ড্ৰাগছ , গাঞ্জা , কাণী , কেপচুল আদি নিচাজাতীয় দ্ৰব্যৰ ব‍্যৱসায়ী সকলক আটক কৰি জেললৈ পঠিয়াই । ইয়াকেলৈ এতিয়া সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলাৰ সম্পাদক লংকেশ্বৰ গগৈয়ে প্ৰশাসনৰ উদ্দেশ্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অতি সোনকালে নিচাজাতীয় দ্ৰব্যৰ দুষ্ট চক্ৰটোক শিপা পুলিৰ পৰা একেবাৰে উঘালি নৱ প্ৰজন্মক ৰক্ষা কৰক ।