মঙ্গলদৈ বৰনগাঁও ৰাইজৰ কৃতজ্ঞতা আৰু অভিনন্দন অনুষ্ঠান।
বানপীড়িত ৰাইজৰ ওচৰত ত্ৰাণকৰ্তাৰূপে থিয় দিয়া ব্যক্তি তথা দল সংগঠনক অভিনন্দন ৰাইজৰ।
২০২২ বৰ্ষৰ প্ৰলয়ংকাৰী বানৰ সময়ত ৰাইজক অন্ন বস্ত্ৰ বাসস্থানকে আদি কৰি বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন ব্যক্তি, দল, সংগঠন, সংস্থা, জন প্ৰতিনিধি আৰু চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠান আয়োজন কৰে বৃহত্তৰ ৰঙামাটি বাসী ৰাইজে।