ডিব্ৰুগড়ত "সখী এক্সপ্ৰেছ আঁচনি" অধীনত বেংক সখী,বীমা সখী,জীৱিকা সখী আদিলৈ দুচকীয়া বাহন প্ৰদান

গাঁওৰ মহিলাসকলৰ মাজত সখীসকলে অৰ্থনৈতিক সৱলীকৰণৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ "সখী এক্সপ্ৰেছ আঁচনি"ৰ অধীনত বেংক সখী, বীমা সখী, জীৱিকা সখী আদিলৈ দুচকীয়া বাহন(স্কুতি) প্ৰদান কৰে ডিব্ৰুগড়স্থিত সাহিত্য সভা ভৱনত।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিব্ৰুগড় পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ ৰ উদ্যোগত অনুষ্ঠিত হোৱা "সখী এক্সপ্ৰেছ আঁচনি"ৰ স্কুতি বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপস্থিত থকা সখী সকলৰ উদ্দেশ্যি সম্বোধন কৰে মন্ত্ৰী বিমল বড়াই। এই অনুষ্ঠানত  ডিব্ৰুগড় লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, তৰংগ গগৈ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে।