দৰং জিলা কৃষি বিভাগৰ উদ্যোগত দৰংৰ বিভিন্ন প্ৰান্তৰত কৃষক সকলক সজাগ কৰিবলৈ সজাগতা অনুষ্ঠান আয়োজন কৰে। PMKISAN আৰু Fasal Bima Youjana ৰ সম্পৰ্কে কৃষক সকলক এক ব্যতিক্ৰমী সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে। গীত ৰ জড়িয়তে সকলোকে আকৰ্ষণ কৰি কৃষক ৰাইজক আঁচনি সম্পৰ্কে সজাগ কৰিবলৈ চেষ্টা কৰে কৃষি বিষয়া সকলে । কৃষক সকলে প্ৰয়োজনীয় নথি পত্ৰৰ লগতে e-kyc অন্তৰভূক্তিৰ কাম সমূহ যাতে সময়মতে কৰে জিলা কৃষি বিষয়াসকলে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বান বিধ্বস্ত কৃষক ৰাইজক সকাহ দিবলৈ চৰকাৰে গ্ৰহন কৰা ফচল বীমা আচনিৰো যাতে কৃষক সকলে সুবিধা লব পাৰে কৃষিবিষয়া সকলে অনুৰোধ জনায় । এই অনুষ্ঠানত দৰং জিলা কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া কস্তৌভ কান্ত পন্দিত, জেস্ঠ্য কৃষি বিষয়া মকিবুৰ ৰহমান, কৃষি উন্নয়ন বিষয়া বিপুল ডেকা, জিলা পৰিৱেশ সমন্নয়ক ড* ভাস্বতী বৰুৱা, জিলা মিডিয়া এক্সপাত জ্যোতিষা শইকীয়া,খন্ড উন্নয়ন প্ৰবন্ধক ডা: কল্যান কুমাৰ বৰা, গাণনিক বিষয়া
জুৰি বৰমন আৰু কৃষি উন্নয়ন বিষয়া ৰাজুমণি দত্ত উপস্থিত থাকে