আজি ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বঁটা বিজয়ীৰ নাম। এই বৰ্ষৰ সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰিছে উদীয়মান গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে।

গগৈয়ে তেওঁৰ প্ৰথম গল্প সংকলন 'চকী আৰু অন্যান্য গল্প'ৰ বাবে সাহিত্য অকাডেমিৰ সন্মানীয় যুৱ বঁটা লাভ কৰে।

উল্লেখ্য যে এই গ্ৰন্থখনৰ বাবেই প্ৰদ্যুম্ন কুমাৰ গগৈয়ে ২০২১ বৰ্ষত মুনীন বৰকটকী স্মাৰক ন্যাসে প্ৰদান কৰা মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল।