২৪ আগষ্ট। বিখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ কন্যা অন্তৰাই পিতৃৰ স্বাস্থ্যৰ খবৰ প্ৰকাশ কৰিছে। অন্তৰা শ্ৰীবাস্তৱে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ পিতৃৰ অৱস্থা সুস্থ যদিও তেওঁ এতিয়াও অচেতন অৱস্থাত আছে। চিকিৎসকসকলে ধাৰাবাহিকভাৱে তেওঁৰ চিকিৎসা চলাই আছে।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

৫৮ বছৰীয়া ৰাজু শ্ৰীবাস্তৱৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ এইমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰাজপ শ্ৰীবাস্তৱক। 

এফালে ৰাজু শ্ৰীবাস্তৱৰ দ্ৰুত আৰোগ্যৰ বাবে সমগ্ৰ দেশতে পূজা আৰু প্ৰাৰ্থনা আগবঢ়োৱা হৈছে, আনহাতে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছৰে পৰা তেওঁৰ মৃত্যুৰ উৰাবাতৰি ছচিয়েল মিডিয়াত কেইবাবাৰো প্ৰকাশ পাইছে। প্ৰতিবাৰেই তেওঁৰ পৰিয়ালে এই উৰাবাতৰি মিছা বুলি অভিহিত কৰে।