বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যলয়ৰ কমপ্লেক্সত থকা উপ-পঞ্জীয়ক ও বিবাহ বিষয়াৰ কাৰ্যলয়ত আজি দুপৰীয়া এক অভিযান চলাই অসম চৰকাৰৰ অপৰাধ আৰু দুৰ্নীতি নিবাৰক শাখাই। উক্ত অভিযানত ঘোচ লোৱা সময়ত হাতে-লোটে গ্ৰেপ্তাৰ হয় ডিলিং এচিছটেণ্ট তপন সাহা। উল্লেখযোগ্য যে,বিশ্বনাথ চাৰিআলি উপ পঞ্জীয়ক ও বিবাহ বিষয়াৰ কাৰ্য্যলয়টো দীৰ্ঘদিনৰ পৰা সোণৰ কণী পৰা হাঁহত পৰিণত হৈ আহিছে প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীৰ বাবে।
ঘোচ নিদিলে খোজ নলৰাটো কাৰ্য্যলয়টোৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীৰ বাবে এক সাধাৰণ নিয়ম।যাৰ বাবে মাটি-বাৰী পঞ্জীয়নৰ বাবে কাৰ্য্যলয়টোলৈ যোৱা প্ৰতিগৰাকী লোক দীৰ্ঘদিনৰে পৰা ভীষণ যন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হৈছে। কাৰণ টেবুলে টেবুলে মাননী নিদিলে ইফাল সিফাল নহয় আবেদনকাৰীৰ ফাইল।বিশ্বনাথ জিলাখনৰ ভিতৰতে অন্যতম দুৰ্নীতিগ্ৰস্ত কাৰ্য্যলয় হিচাপে সৰ্বপৰিচিত বিশ্বনাথ চাৰিআলি উপ পঞ্জীয়কৰ কাৰ্য্যলয়ত আজি দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানক লৈ যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে।