বৰহাটৰ পঁইতাখাত গাঁৱৰ ৰাইজে লেতেৰা  বিজাণু যুক্ত পানী খাই জীয়াই আছে । 

Sponsored

चाणक्य एकेडमी बूंदी (राजस्थान )

बूंदी के सभी विधार्थियो के लिए खुशखबरी...अब 1 जुलाई से चाणक्य एकेडमी फिर से सभी प्रतियोगी परीक्षाओं के नए बैच प्रारंभ करने जा रही है। जिसमे आप CET/पटवार/LDC शिक्षक भर्ती REET सभी भर्तियों के लिए आवेदन कर सकते हैं। अभी प्रवेश पर आपको 30% की छूट दी जाएगी। चाणक्य की अनुभवी फैकल्टी द्वारा आपको अध्ययन कराया जाएगा।

গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ নামত চৰকাৰে যিমানেই ধাকঢ়োল নবজাক কিয়।কিন্ত বাস্তৱ ক্ষেত্ৰত গাওঁ সমূহত সম্পুৰ্ণ এখন ওলতা চবি প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়। তেনে এখন গাওঁ হৈছে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ নাহৰফুটুকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত পঁইতাখাত গাঁৱৰ ৰাইজে দুবছৰ পৰা কুৱা, পুখুৰীৰ লেটেৰা, দুষিত,বিজাণু যুক্ত পানী খাই জীয়াই থাকিব লগা হৈছে।।যাৰ ফলত এই অঞ্চলৰ ৰাইজৰ সঘনে পেতৰ অসুখ হোৱা পৰিলক্ষিত হৈছে। অতি পৰিতাপৰ বিষয় যে জল জীৱন মিচনৰ অধীনত পঁইতাখাত খোৱা পানী যোগান আঁচনি খন উন্নতি কৰণৰ ব্যৱস্থা কৰা হৈছিল যদিও আজি পৰ্যন্ত পানী যোগান আঁচনি খন কাৰ্যক্ষম হৈ নুঠিল। যাৰ বাবে পঁইতাখাত গাঁৱৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে অচল হৈ থকা পঁইতাখাত পানী যোগান আঁচনি খন নিৰ্মাণ কৰিবৰ বাবে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী, বিধায়ক বহু বাৰ আবেদন-নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত অঞ্চলটোত পানী যোগান আঁচনি নিৰ্মাণ কৰি কাৰ্যক্ষম নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অচিৰেই পঁইতাখাত খোৱা পানী যোগান আঁচনি খন নিৰ্মাণ কৰি কাৰ্যক্ষম কৰিবলৈ দাবী জনাইছে।