ৰাহুল দ্ৰাবিড় কৰোনাত আক্ৰান্ত হৈছে। এছিয়া কাপ ২০২২ৰ বাবে দলটো সংযুক্ত আৰৱলৈ ৰাওনা হোৱাৰ পূৰ্বে দ্ৰাবিড়ৰ কোভিড-১৯ পজিটিভ ধৰা পৰে। ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে খেলুৱৈ গৰাকী।

বিচিচিআইয়ে এক বিবৃতিত কয় "এছিয়া কাপ ২০২২ৰ বাবে দলটো সংযুক্ত আৰৱলৈ ৰাওনা হোৱাৰ পূৰ্বে দলটোৰ নিয়মীয়া পৰীক্ষাত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কোভিড-১৯ পজিটিভ ধৰা পৰে। দ্ৰাবিড় বিচিচিআই চিকিৎসা দলৰ তত্বাৱধানত আছে আৰু কোভিডৰ সাধাৰণ লক্ষণ আছে। কোভিড-১৯ প্ৰতিবেদন নেগেটিভ হ'লে তেওঁ দলটোত পুনৰ যোগদান কৰিব"।

উল্লেখ্য যে এছিয়া কাপ ২০২২ সংযুক্ত আৰৱত অনুষ্ঠিত হ'ব। ২৭ আগষ্টৰ পৰা ১১ ছেপ্টেম্বৰলৈ চলিব এছিয়া কাপ ২০২২। এছিয়া কাপত অংশগ্ৰহণ কৰা ছয়টা দলক দুটা গোটত বিভক্ত কৰা হৈছে। ভাৰত, পাকিস্তান আৰু এটা যোগ্যতা অৰ্জনকাৰী দলক গ্ৰুপ এ-ত ৰখা হৈছে। আনহাতে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তান গ্ৰুপ বি-ত আছে। প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত এবাৰকৈ আনটো খেলিব। প্ৰতিটো গোটৰ শীৰ্ষ দুটা দলে চুপাৰ ৪ ৰাউণ্ডলৈ আগবাঢ়িব। চুপাৰ ৪ ৰ শীৰ্ষ ২ টা দলে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব। ভাৰত বৰ্তমান ডিফেণ্ডিং চেম্পিয়ন, প্ৰতিযোগিতাখনৰ ২০১৮ সংস্কৰণত বিজয়ী হৈছে। ই হৈছে ভাৰতৰ সপ্তম খিতাপ।