শিৱসাগৰঃ--ডিমৌ সমজিলা আয়ুক্ত মীনাক্ষী পাৰ্মেৰ অধ্যক্ষতাত শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চুকাফা সভাকক্ষত আজি দিনৰ দুই বজাত 'নিক্ষয় মিত্র' আৰু কাইলৈ অৰ্থাৎ ১৭ ছেপ্তেম্বৰত হ'বলগীয়া স্বেচ্ছামূলক ৰক্তদান শিৱিৰ সম্পৰ্কে এক জৰুৰী পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, জিলা স্বাস্থ্য বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া তথা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুসৰি "সেৱা সপ্তাহ" উদ্যাপন উপলক্ষে জিলাখনত যক্ষ্মা ৰোগত আক্রান্ত ৰোগীসকলক অহা ২২ ছেপ্তেম্বৰ তাৰিখে পুষ্টিকৰ খাদ্যৰ টোপোলা শিৱসাগৰ জিলাৰ মুঠ তিনিটাকৈ স্থানত বিতৰণ কৰা হ’ব৷ আনহাতে যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা অধিকাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত হোৱা হেতুকে তেওঁলোকৰ যাতায়াত ব্যৱস্থা সূচল কৰাৰ কাৰণে জিলা পৰিবহণ বিষয়াই সহায় আগবঢ়াব। যি এজন ৰোগীৰ বাবে দিয়ে পুষ্টিকৰ খাদ্য, পাঁচশৰ পৰা এহেজাৰ টকাৰ ভিতৰত। বৰ্তমান শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ অধীনস্থ যক্ষ্মা ৰোগ নিয়ন্ত্রণ বিভাগে শিৱসাগৰ জিলা সম্পূৰ্ণৰূপে যক্ষ্মামুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বর্তমান সেৱা সপ্তাহ উপলক্ষে আগন্তুক ২২ ছেপ্টেম্বৰত ঐতিহাসিক শিৱসাগৰ জিলাৰ কালিপ্রসাদ মেম'ৰিয়েল হল, ডিমৌৰ কমিউনিটী চেণ্টাৰ আৰু নাজিৰাৰ নাট্য মন্দিৰত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা যোগান ধৰা হ'ব ৷ প্রতিজন ব্যক্তিয়ে এনে ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা দিব পাৰিব। জিলাখনৰ প্ৰতিটো বিভাগৰেই মুৰব্বী বিষয়াসকলক এনে পুষ্টিকৰ খাদ্যৰ টোপোলা যোগান ধৰিবলৈ সমজিলা আয়ুক্ত মীনাক্ষী পাৰ্মে ই আহ্বান জনাইছে। সেইবাবে ইচ্ছুক ব্যক্তিজনে মাত্ৰ নিজৰ ঠিকনাটো দি আগতীয়াকৈ নাম পঞ্জীয়ন কৰি ল'ব লাগিব। শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ অধীনস্থ যক্ষ্মা ৰোগ নিয়ন্ত্রণ বিভাগৰ লগতে বিষয়া ডাঃ দ্বিজেন কোঁচৰ সৈতে যোগাযোগ কৰিব পাৰিব। এই সন্দর্ভত বিতংকৈ জানিবৰ বাবে ৭০০২৭-৬৭২৩০, ৯৬৭৮১-৭১৫২৭ নম্বৰলৈ ফোন কৰিব পাৰিব বুলি সংশ্লিষ্ট কর্তৃপক্ষই জনাইছে ৷ কাইলৈ অৰ্থাৎ ১৭ ছেপ্টেম্বৰ , ২০২৫ তাৰিখে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভঁড়াল, শিৱসাগৰ আদৰ্শ চিকিৎসালয়ত ৰাতিপুৱা ৯-৩০ বজাত স্বেচ্ছামূলক ৰক্তদান শিৱিৰ অনুষ্ঠিত হ'ব। ৰক্তদাতাসকলৰ বয়স ১৮ বছৰৰ পৰা ৬৫ বছৰ হোৱাৰ লগতে ওজন ৫০ কিলোগ্ৰামৰ বেছি আৰু হিম'গ্লবিনৰ মাত্ৰা ১২.৫ হ'ব লাগিব বুলি নডেল বিষয়া ডাঃ আমিনুৰ ৰহমানে জানিবলৈ দিয়ে। শিৱসাগৰ জিলাৰ আৰক্ষীসকলৰ লগতে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বেচৰকাৰী সংস্থাসমূহক ৰক্তদান কৰিবলৈ আহ্বান জনাই নডেল বিষয়াৰ লগতে সমজিলাৰ আয়ুক্তগৰাকীয়ে ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু স্থানীয় উড নগৰীয়া স্বাস্থ্য প্ৰতিষ্ঠানটিত সমান্তৰালকৈ পুৱা ৯:৩০ বজাৰ পৰা আয়োজন কৰা এই "স্বেচ্ছামূলক ৰক্তদান শিৱিৰ"ত জিলাবাসীক অংশগ্রহণ কৰি ফলপ্ৰসূ কৰাৰ বাবে জিলা আয়ুক্ত আয়ুস গাৰ্গেও (আই এ এছ )আহ্বান জনাইছে। ১৬ ছেপ্তেম্বৰত অনুষ্ঠিত এই বৈঠকত সহকাৰী আয়ুক্ত ক্ৰমে নিমাশ্রী ডাউকা, পৰিশ্মিতা দিহিঙ্গীয়া ( স্বাস্থ্য বিভাগৰ শাখা বিষয়া),গণেশ চন্দ্র বড়ো, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্র কলিতা, শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈৰ লগতে স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী ,পৰিবহণ আদি সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল বিশেষভাৱে উপস্থিত আছিল।