গুৱাহাটী, ৭ জুলাই : অসমৰ বিভিন্ন প্ৰান্তৰ শিশু আৰু মহিলা সকলৰ হৈ কাম কৰি অহা অগ্ৰণী অনুষ্ঠান গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ৫ জুলাইত মৰিগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চল হিচাপে পৰিচিত শৌলমাৰী গাঁওত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰা হয়।

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ সভানেত্ৰী তুলিকা ভূঞা বৰুৱা, কাৰ্য্যকৰী সভাপতি কংকনা চহৰীয়া প্ৰতিষ্ঠাপক সম্পাদক ৰুমী ভূঞা দত্তৰ নেতৃত্বত যোৱা সজাতি দলটোৱে শৌলমাৰি গাঁৱৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ উপৰিও দলটোৱে বানাক্ৰান্ত ৰাইজৰ দুখ - দুদর্শাৰ বুজ লোৱাৰ লগতে বানপানীৰ পাছত লবলগীয়া সাৱধানতা, কৃষি - কৰ্ম কৰা, ৰোগৰ প্ৰাদূৰ্ভাৱ আদি বিষয় সন্দৰ্ভতো মত বিনিময় কৰি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।