সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খাটিকুছি পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহ প্ৰাংগনত আজি বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়৷
আঞ্চলিক আছুৰ সভাপতি ৰেকিবুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অঞ্চলটোৰ ১১০ গৰাকী কৃতিমান ছাত্ৰছাত্ৰীক অভিনন্দন জনাই৷