চিলাপথাৰৰ সোনাৰী গাঁৱৰ পৰা দিজমুৰ গাৱঁলৈ পথ নিৰ্মাণ কামৰ শুভাৰম্ভ সাংসদ প্ৰদান বৰুৱা বিধায়ক ভূৱন পেগু ৰ

ধেমাজি জিলাবাসীৰ বাবে আজিৰ দিনটো পৰিগণিত হল এক ঐতিহাসিক দিন ৰূপে ৷ সুদীৰ্ঘকালীন জল্পনাকল্পনাৰ অন্তঃত আজি মুকলি হল অসম চৰকাৰৰ দ্বাৰা অনুমোদিত আৰ. আই ডি এফ(নাবাৰ্ড) ২৭ আঁচনিৰ অধীনত সোনাৰী গাঁৱৰ পৰা দিজমুৰ গাৱঁলৈ ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ কাৰ্যসূচীৰ শোভাৰম্ভ ৷ স্বাধীনতাৰ ৭৬ বছৰে জৰাজীৰ্ণ পথেৰে আহযাহ কৰি অহা ৰাইজে আজি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে ৷ মাথো ১৪ কিঃমিঃৰৰ বাট ৪০-৫০ কিঃমিঃ অতিক্ৰম কৰি ডিমৌস্হিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গৈ পোৱাৰ পিছতেহে গন্তব্যস্থানলৈ যাব পাৰিছিল ৷ লগা হোৱাত অঞ্চলটোৰ কৃষক ৰাইজে যাতায়তৰ সমস্যাৰ হেতুকে উপযুক্ত লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷ অঞ্চলটোৰ ৰাইজে জৰাজীৰ্ণ যাতায়তৰ হেতুকে উপযুক্ত উচিত সময়ত চিকিৎসালয়লৈ ৰোগীক যথা সময়ত নিব নোৱাৰাত বহু ৰোগীয়ে মাজবাটতে চিৰদিনৰ বাবে নিজ আত্মীয়ক হেৰুৱাই আহিছে ৷ আধা ঘন্টাৰ বাটক তিনিঘণ্টা সময়তো অতিক্ৰম কৰিবলৈ সক্ষম নোহোৱাত সুদীৰ্ঘকাল জমৰ যাতনা ভুগি আহিছে ৰাইজে ৷ মুঠতে স্বাধীনতাৰ সাত দশকৰ পিছতো বহু লোক আছে আজিও ১০৮/১০২ এম্বুলেন্সেৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷ শ-শ কৃষকে শ-শ বিঘা ৰবিশস্য কৰে যদিও যাতায়াতৰ অসুবিধাত কেচা সামগ্ৰী বিক্ৰী কৰাত উচিত মুল্যৰ পৰা বঞ্চিত হৈ কৃষিকৰ্মত অৰ্থনৈতিকভাৱে স্বাভলম্বি হবলৈ সক্ষম হোৱা নাই ৷ আজি শুভ উদ্বোধন কৰা মথাউৰিটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে শ-শ ৰাইজৰ সামগ্ৰিকভাৱে উন্নয়নৰ বাট মুকলি হৈ উঠিব বুলি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে সদৰী কৰে ৷