বৰহাট ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত মাইক্ৰক্স'প হেৰুৱাত চিকিৎসক,সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ পৰা এটা প্ৰায় এক লাখ বিশ হাজাৰ টকাৰ মূল্য মাইক্ৰক্স'প চিকিৎসা কেন্দ্ৰৰ পৰা এক ৰহস্য জনক ভাবে হেৰুৱা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।উল্লেখ্য যে চিকিৎসা কেন্দ্ৰ খনৰ লেবেটৰীত ৰোগীৰ বিভিন্ন পৰীক্ষা কৰিবৰ বাবে অতি প্ৰয়োজনীয় সামগ্ৰী মাইক্ৰক্স'প যন্ত্ৰটো ৰহস্য জনক ভাবে হেৰুৱাত সচেতন ৰাইজে উদ্ৰেক প্ৰকাশ কৰিছে। তদুপৰি বৰ্তমান চিকিৎসা কেন্দ্ৰটোত এজনো চিকিৎসক নথকাত এক অৰাজকতা সৃষ্টিৰ ফলতে এনে কাৰ্য হৈছে বুলি একাংশ ৰাইজে অভিযোগ কৰিছে।এই সন্দৰ্ভত আজি বৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ ই বৰহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত কোনো সম্ভেদ নাই যন্ত্ৰটোৰ।
উক্ত যন্ত্ৰটো হেৰোৱাত এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।
বছৰ বছৰ কোনো সামগ্ৰী এনেদৰে অন্তধ্যান নোহোৱাকৈ থকা এই চিকিৎসালয়ত হঠাৎ এনেদৰে অতি গুৰুত্বপূৰ্ণ যন্ত্ৰটো হেৰোৱাত এতিয়া সন্দেহৰ আঙুলি চিকিৎসালয় খনৰ কৰ্তৃপক্ষলৈ।