মঙলদৈত আমছুৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ৷ অবৈধ উচ্ছেদৰ বিৰোধিতা আমছুৰ৷ ছাত্ৰছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবী৷

সমগ্ৰ অসমৰ লগতে দৰং জিলাতো আমছুৰ প্ৰতিবাদ ৷ দৰং জিলা আমছুৰ উদ্যোগত মঙলদৈত ২ ঘণ্টিয়া অৱস্থান ধৰ্মঘট ৷ বিজেপি চৰকাৰে মুল্যবৃদ্ধিৰ ক্ষেত্ৰত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে ৷ অবৈধ উচ্ছেদ কৰা লোক সকলক পুনৰ সংস্থাপনৰ দাবী জনালে আমছুৰ নেতৃত্বই ৷ বৰ্তমান অসমত হিটলাৰী শাসন চলিছে কিয়নো দুৰ্বিত্তক কৰায়ত্ত কৰিব নোৱাৰি ঘৰবাৰী উচ্ছেদ কৰে চৰকাৰে ! এনেধৰণৰ হিটলাৰী শাসন বন্ধ কৰিবলৈ দাবী জনালে ছাত্ৰ সংগঠনটোৱে ৷