চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰিত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি বৈঠক সম্পন্ন

সোণাৰি, ২৭ জুলাই : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে সোণাৰিত। এই উদ্দেশ্যে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত মঙ্গলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত উপায়ুক্ত গৰাকীয়ে জিলাখনত দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস যাতে সফলতাৰে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়, সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। প্ৰতিটো বিভাগৰ বিষয়া- কৰ্মচাৰীসকলক নিজা নিজা দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত বিস্তৃত সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ পোষকতা কৰে। তেওঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ "হৰ ঘৰ তিৰঙ্গা" কাৰ্যসূচীৰ অন্তৰ্গত জিলাখনৰ প্রতিটো চৰকাৰী বিভাগৰ লগতে ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিগত বাসভৱনত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। জিলাখনৰ আত্মসহায়ক গোট সমূহৰ দ্বাৰা ইতিমধ্যে দহ হাজাৰতকৈ অধিক জাতীয় পতাকা প্ৰস্তুত কৰা হৈছে বুলি অৱগত কৰি তেওঁ সকলোকে আত্মসহায়ক গোট সমূহৰ বিপনীসমূহৰ পৰা জাতীয় পতাকা ক্ৰয় কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৮৩,০০০ খন জাতীয় পতাকা আহৰণ কৰা হৈছে বুলি জানিব দিয়ে। 

বৈঠকত উপায়ুক্ত গৰাকীয়ে আগন্তুক স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উদযাপনৰ লক্ষ্যৰে সমূহ জনসাধাৰণক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়। তদুপৰি, ৰাজহুৱা স্থানত গৰাকীবিহীন মোনা বা বেগ পৰিলক্ষিত হলে ততাতৈয়াকৈ জিলা প্ৰশাসন বা আৰক্ষীক অৱগত কৰিবলৈ কয়।

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উপায়ুক্ত পল বৰুৱাৰ হাতত ভাৰতৰ নৱ-নিযুক্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ প্ৰতিকৃতি প্ৰদান কৰে। বৈঠকত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত তেওঁ "হৰ ঘৰ তিৰঙ্গা" কাৰ্যসূচীৰ অন্তৰ্গত জিলাবাসীক ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰি অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ উত্তোলন কৰিবলৈ আহ্বান জনায়। স্বাধীনতা দিৱস সফলভাৱে আয়োজন কৰাৰ ক্ষেত্ৰত তেওঁ সংশ্লিষ্ট সকলোৰে সহযোগিতা কামনা কৰে। 

বৈঠকত আৰক্ষী অধীক্ষক যুৱৰাজে ৰাষ্ট্ৰীয় পতাকা সম্পূৰ্ণ বিধিগত নিয়ম অনুসৰি উত্তোলন কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ আৰক্ষী বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। দুষ্কৃতিকাৰীয়ে যাতে শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত কৰিব পৰা কোনো কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি জিলাবাসীক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়। কোনোধৰণৰ সন্দেহজনক গতিবিধি প্ৰত্যক্ষ কৰিলে শীঘ্ৰে আৰক্ষীক অৱগত কৰিবলৈও তেওঁ আহ্বান জনায়। 

বৈঠকত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে "হৰ ঘৰ তিৰঙ্গা" কাৰ্যসূচীৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে।

অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে বৈঠকৰ অন্তত শলাগৰ শৰাই আগবঢ়ায়। 

আজিৰ বৈঠকত এ পি জি চি এল-ৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, ৰাজহ চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজসেৱক সকল, বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা জ্যেষ্ঠ আৰু বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে।