ছিপাঝাৰ ত্ৰিনিটি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু অন্তৰংগ আলাপ অনুষ্ঠান
ছিপাঝাৰ ত্ৰিনিটি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰপৰা ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত শীৰ্ষ স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতাৰ লগতে কৃতিত্বৰে উত্তীৰ্ণ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ৷ স্কুল কৰ্ত্তৃপক্ষৰ দ্বাৰা ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি ধৃতিৰাজ বাস্তৱ কলিতাক চল্লিশ হাজাৰ টকাৰ চেক,ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয় ৷ সেই উপলক্ষে ছিপাঝাৰ সাহিত্য সভা স্মৃতি ভৱনত শনিবাৰে অনুষ্ঠিত হয় এলানি অভিনন্দন জ্ঞাপন অনুষ্ঠান ৷ ত্ৰিনিটি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু প্ৰজন্মা চহৰীয়াই আঁত ধৰা সভাত স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশী মুখ্য অতিথি, ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷ সভাৰ আৰম্ভনীতে কৃতী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হয় ৷