অসম যুৱ অলিম্পিকৰ টেপেচিয়াত অনুষ্ঠিত টাইকোৱানডোত জুনিয়ৰ ছোৱালীৰ অনূৰ্দ্ধ ৫৫ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ ঢকুৱাখনাৰ পলি গগৈয়ে ৷ ইপিনে পলি গগৈয়ে ঢকুৱাখনা টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক কৃষ্ণ কান্ত গগৈৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ জিলাখনৰ মুঠ ৫ গৰাকী খেলুৱৈয়ে নিজৰ প্ৰতিভা বিকশিত কৰি পদক আজুৰি আনিবলৈ সক্ষম হোৱা খবৰে সমগ্ৰ লখিমপুৰ জিলাখনৰ লগতে ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা খবৰে জিলাখনৰ ক্ৰীড়া প্ৰেমী ৰাইজৰ লগতে দল সংগঠনে অভিনন্দন জনাইছে খেলুৱৈ সকলক। 

( খেলুৱৈ দলটোৰ আলোকচিত্ৰ )

( ৫৫ কিলোগ্ৰাম শাখাত স্বৰ্ণপদক লাভ কৰা ঢকুৱাখনা পলি গগৈৰ আলোকচিত্ৰ )