টকিঅ', ২০ আগষ্ট। জাপানত কৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পুনৰ জাপানত কৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বৰ্তমান দেশখনত কৰোনাৰ সপ্তম ঢৌ চলি আছে। দেশখনত কৰোনাৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ শীৰ্ষত। শুকুৰবাৰে দেশখনত একেৰাহে দ্বিতীয় দিনৰ বাবে কৰোনা সংক্ৰমণৰ ঘটনাই অভিলেখ সৃষ্টি কৰিছে। ২,৬১,০২৯ জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। আনহাতে বৃহস্পতিবাৰে ২,৫৫,৫৩৪ জন নতুনকৈ আক্ৰান্ত হৈছিল। এই সংখ্যা এতিয়ালৈকে সৰ্বাধিক বুলি জানিব পৰা গৈছে।

দেশখনৰ ৪৭ টা প্ৰান্তৰ ভিতৰত ১৯ টা প্ৰান্তত দৈনিক সংক্ৰমণৰ অভিলেখ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে হোক্কাইডোত ৮৬৩২ জন, নাগাচাকিত ৪৬১১ জন, মিয়াগিত ৪৫৬৭ জন, হিৰোছিমাত ৮৭৭৫ জন আৰু ফুকুওকাত ১৫৭২৬ জন।

ইফালে বৃহস্পতিবাৰৰ পৰা এতিয়ালৈকে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৬২৭ জনে প্ৰাণ হেৰুৱাইছে। টকিঅ' মেট্ৰ'পলিটান চৰকাৰে ২৭৬৭৬ টা নতুন ঘটনা নথিভুক্ত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ কৰোনা ভাইৰাছ সংক্ৰমণ সন্দৰ্ভত নতুন সাপ্তাহিক আপডেটত উল্লেখ কৰা হৈছে যে জাপানে ৮ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অৰ্থাৎ এসপ্তাহত ১৩,৯৫,৩০১ টা ঘটনা নথিভুক্ত কৰিছে।