ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত  বৰপথাৰ নগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

 অগ্নিকাণ্ড সংঘটিত হয় স্বাধীনোত্তৰ কালৰ মহকুমাটোৰ একমাত্র শিক্ষানুষ্ঠান বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
জানিব পৰা মতে 
 বিদ্যালয় চাফা কৰোতে ওলোৱা জাবৰৰ দ'ম জলাওতেই সংঘটিত হয় এই অগ্নিকাণ্ড। 

অগ্নিকাণ্ডৰ ফলত বিদ্যালয় খনৰ বিশেষ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিবলৈ দিছে প্ৰতগক্ষ দৰ্শীয়ে।

ইপিনে  অগ্নিনির্বাপক বাহিনীক খবৰ দিছিল যদিও ৰাইজৰ  প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।