তিনিচুকীয়াৰ ডিগবৈত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক তিনিচুকীয়া জিলা কাৰাটে চেম্পিয়নচিপ-২২ৰ দেওবাৰে সফল সামৰণি হয়  ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত , অসম ৰাজ্যিক কাৰাটে এছচিয়েচনৰ অধীনৰ , কাৰাটে এছচিয়েচন অফ তিনিচুকীয়াৰ উদ্যোগত ডিগবৈস্থিত পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল দ্বিতীয় বাৰ্ষিক তিনিচুকীয়া জিলা কাৰাটে চেম্পিয়নচিপ ২০২২ৰ ।

তিনিচুকীয়া জিলাৰ ২৪ টা ক্লাবৰ নিৰ্বাচিত ৪৫০ গৰাকীৰো অধিক খেলুৱৈয়ে অংশ লোৱা প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ লগতে অসম ৰাজ্যিক কাৰাটে এছচিয়েচন আৰু তিনিচুকীয়া জিলা কাৰাটে এছচিয়েচনৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰা পৰিলক্ষিত হয় ।