আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এখন সভাত অৰুণোদয় মাহৰ উদ্বোধন কৰাৰ লগতে এই বছৰৰ প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেঁওগে ৷

আজিৰ সভাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিন, তেজপুৰ পৌৰ সভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল, অৰুণোদয় মাহৰ বাবে শোণিতপুৰ জিলাৰ পৰ্যবেক্ষক আৰু পৰীক্ষণ দলৰ সদস্যসকল উপস্থিত থাকে ৷

উল্লেখ্য যে, শোণিতপুৰ জিলাত মুঠ ৭৬৭ ক্ষতিগ্ৰস্ত ঘৰৰ বিপৰীতে পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে ধাৰ্য কৰা মুঠ অনুদান হৈছে ১,৫২,১৮,৯০০ টকা। ইয়াৰে, সম্পূৰ্ণৰূপে ধ্বংস হোৱা ১৩৭ টা ঘৰ, আংশিকভাৱে ক্ষতিগ্ৰস্ত (পকা) ঘৰ ১২ টা, আংশিকভাৱে ক্ষতিগ্ৰস্ত (কেচা/ মাটিৰ) ঘৰ ৪৪০টা, ১৭৩ টা জুপুৰি ঘৰ, আৰু ২টা গোহালি ৷

অৰুণোদয় মাহত হ’বলগীয়া এই জৰীপ প্ৰক্ৰিয়াত জিলাখনৰ ৮২খন গাঁও পঞ্চায়ত আৰু ৪ খন পৌৰ সভাৰ ৪৯টা ৱাৰ্ডৰ ৭৮,৩৪২ গৰাকী অৰুণোদয় হিতাধিকাৰীৰ মাজত এই জৰীপ সম্পন্ন কৰা হ’ব। শোণিতপুৰ জিলাৰ বাবে নিয়োগ কৰা মুঠ ১৩১ জন পৰ্যবেক্ষক আৰু ২৬২ টা পৰীক্ষণ দলৰ মুঠ ৫২৪ জন পৰীক্ষণ দলৰ সদস্যক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

এই জৰীপ অহা ২০ ছেপ্টেম্বৰ, ২০২২ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। অযোগ্য হিতাধিকাৰীক নিৰ্ধাৰণ কৰি বাদ দিয়াৰ প্ৰক্ৰিয়া ২০ৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত কৰা হ’ব আৰু অৰুণোদয় ডাটাবেছৰ পৰা অযোগ্য হিতাধিকাৰীসকলক বাদ দি যোগ্য হিতাধিকাৰীৰ চূড়ান্ত তালিকা ১ অক্টোবৰ, ২০২২ৰ ভিতৰত প্ৰস্তুত কৰা হ’ব । অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ১০ অক্টোবৰৰ পৰা ১,২৫০ টকাৰ বৰ্ধিত হাৰত আঁচনিৰ সুবিধা লাভ কৰিব ।